J.B. U. JNAN TIRTHA
Listen to the official university anthem.
University Song Lyrics (Assamese)
জ্যোতিৰ শিখা এই অনিৰ্বাণ
জ্ঞানৰ শিখা এই অনিৰ্বাণ
অনিৰ্বাণ পোহৰৰ মহা অভিযান ৷৷
সত্য সুন্দৰ জ্ঞানেৰে মহান
বিনাশী অসুন্দৰ আঁধাৰ অজ্ঞান
সোণোৱালী অতীতক জনাই প্ৰণাম
নতুন প্ৰভাত পথে হ’ম আগুৱান ৷৷
কলা-কৃষ্টি জ্ঞান-বিজ্ঞান
সাধনাৰ লক্ষ্য জন কল্যাণ
প্ৰজ্বলিত হওক জুৰি চিৰকাল
জ্ঞানৰ শিখা চিৰ জ্যোতিষ্মান ৷৷

